Show/Hide Keyboard Layout

ক’ৰ এজাক সপোন

- অনিন্দিতা পাল

ক’ৰ এজাক সপোন যেন বৰষুন

ক’ৰ এজাক সপোন যেন বৰষুন ।

ধূলিৰ ওৰণি ঠেলি ভাহি আহে, ভাহি আহে ।

ধূলিৰ ওৰণি ঠেলি ভাহি আহে, ভাহি আহে ।

কোমল মাটিৰ গান গুন গুন গুন,

কোমল মাটিৰ গান গুন গুন গুন ।

ক’ৰ এজাক সপোন যেন বৰষুন ।

 

ক’ৰ এজাক সপোন যেন বৰষুন ...

 

শুই থকা বননিক দিলেহি জগাই,

সাৰ পালে সেউজী, সেউজী শোভাই ।

শুই থকা বননিক দিলেহি জগাই,

সাৰ পালে সেউজী, সেউজী শোভাই ।

কঁপি উঠে ক’ৰবাত পছিম সুৰ

ৰুণ জুন ৰুণ জুন ৰুণ জুন

ক’ৰ এজাক সপোন যেন বৰষুন ।

 

সাৰ পালে অলেখ অলেখ, অলেখ চৰায়ে ।

ক’ত আছে ? দেখায়ে নাপাওঁ অৰণ্যজুৰি ।

সাৰ পালে অলেখ অলেখ, অলেখ চৰায়ে ।

ক’ত আছে ? দেখায়ে নাপাওঁ অৰণ্যজুৰি ।

শুনো মাথো আধা ফুটা গান

গুন গুন গুন গুন গুণ গুন ।

ক’ৰ এজাক সপোন যেন বৰষুন ।

 

ক’ৰ এজাক সপোন যেন বৰষুন ।

ধূলিৰ ওৰণি ঠেলি ভাহি আহে, ভাহি আহে ।

ধূলিৰ ওৰণি ঠেলি ভাহি আহে, ভাহি আহে ।

কোমল মাটিৰ গান গুন গুন গুন,

কোমল মাটিৰ গান গুন গুন গুন ।

ক’ৰ এজাক সপোন যেন বৰষুন ।

Hits: 1787